তুর্কীসকলৰ আক্ৰমণ (Attacks by Turks)

                                   তুর্কীসকলৰ আক্ৰমণ

                                     ( Attacks by Turks)


মহম্মদ-বিন-বখতিয়াৰৰ নেতৃত্বত প্ৰথম মুছলমান আক্রমণ পালবংশৰ পতনৰ পিছৰ অনৈক্য বিৰাজমান ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতি প্রথমে ভাবুকিৰ সূচনা কৰিছিল পশ্চিমৰ তুর্কী মুছলমানসকলে। ১১৯২ খ্রীঃত ঘণ্ডনীৰ শাসক মহম্মদ ঘোৰীয়ে দিল্লী আৰু আজমীৰৰ শক্তিশালী ৰাজপুত ৰজা উত্তৰ ভাৰতত নিজ ৰাজনৈতিক প্রতিপত্তি স্থাপন কৰিলে। ১১৯৬ খ্ৰীত ঘোৰীৰ মৃত্যু হোৱাত তেওঁৰ বিশ্বস্ত তুর্কী পৃথিৰাজ চৌহানক পৰাভূত তথা হত্যা কৰি সেনাধ্যক্ষ তথা দাস কুবুদ্দিন আইবেকে ঘোৰীৰ ভাৰতীয় সাম্রাজ্য লাভ কৰি ভাৰতত দাস বংশব ৰাজত্বৰ সূচনা কৰে।


কুতুবুদ্দিন আইবেকৰ অন্যতম শ্রেষ্ঠ সেনাধ্যক্ষ আছিল মহম্মদ বিন বখতিয়ার খলজি। বিহাৰৰ গৱৰ্ণৰ ৰূপে নিযুক্ত হোৱা বখতিয়াৰে ১২০২ খ্ৰীত বঙ্গদেশ আক্রমণ কৰি অতি সহজেই বাজধানী লক্ষণাবতী পদানত কৰে। এই জয়লাভত অনুপ্রাণিত হৈ তেওঁ সদূৰৰ চীন, তিব্বত আৰু তুর্কীস্থান অধিকাৰৰ মন মেলে। বখতিয়াৰৰ এই সাম্রাজ্যবাদী অভিলাসৰ পৰিপ্ৰেক্ষিতত কামৰূপৰ ওপৰত প্ৰথমবাৰৰ বাবে মুছলমান আক্ৰমণৰ সূচনা হৈছিল। এই তুর্কী-মুছলমান আক্ৰমণৰ বিষয়ে উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা নামে ঠাইৰ শিলৰ ফলি, নগাঁৱৰ গছতলৰ শিলৰ ফলি আদিত উল্লেখ পোৱা যায়। ১২৬০-৬১ খ্ৰীঃত মিনহাজ-উল-চিৰাজে ৰচনা কৰা 'তবাকং-ই-নাচিবি’ নামৰ ফাৰ্ছী গ্ৰন্থত প্রথম পর্যায়ৰ তুর্কী মুছলমান আক্ৰমণসমূহৰ বিশদ বর্ণনা আছে। তবাকং-ই নাচিৰিৰপৰা জনা যায় যে বখতিয়াৰে তেওঁৰ চীন, তিব্বত আদি জয়ৰ পৰিকল্পনাৰ বিষয়ে আগতীয়াকৈ


কামৰূপৰ ৰজাক জনাইছিল। কাৰণ তেওঁ খবৰ পাইছিল যে তিব্বত আৰু চীনলৈ যোৱাৰ চমু পথ কামৰাপ ৰাজ্যৰ উত্তৰ-পূব কোণেৰে আছিল। সেই সময়ৰ কামৰূপৰ ৰজাজনৰ নাম আছিল পৃথু বা বাৰ্ত, যিজনক গছতল লিপিৰ ৰজা বিশ্ব সুন্দৰদেৱ বুলি অনুমান কৰিব পাৰি। যি কি নহওক, পৃথুৱে বখতিয়াৰক জনাইছিল যে বাৰিষা এনে আক্ৰমণৰ বাবে সূচল নহ'ব আৰু যদি পিছৰ বছৰ খৰালিত বখতিয়াৰে অভিযান চলাই, তেন্তে তেওঁ (কামৰূপ ৰাজে) অস্ত্র-শস্ত্র দি বখতিয়াৰক সহায় কৰিব পাৰিব। কিন্তু বখতিয়াৰে কামৰূপৰাজ পৃথুৰ পৰামৰ্শক গুৰুতু নিদি ১২০৫ খ্ৰীঃৰ বাৰিষাকালৰ আৰম্ভণিতে ১০/১২ হেজাৰমান সুসজ্জিত অশ্বাবোহী সেনা লৈ বৰ্তমানৰ বাংলাদেশৰ . দিনাজপুৰ জিলাৰ অন্তৰ্গত দেৱকোট নামৰ ঠাইৰপৰা নিজ সমৰ অভিযান আৰম্ভ কৰিলে। তেওঁ মেচ জাতিৰ এজন চৰ্দাৰৰ সেৱা আহৰণ কৰিবলৈ সক্ষম হৈছিল। এই মেচ নেতাজনক বখতিয়াৰে ইছলাম ধৰ্মত দীক্ষিত কৰি তেওঁৰ নাম থয় আলি মেচ। এই আলি মেচক পথ প্রদর্শক ৰূপে লৈ বখতিয়াবে দুর্গম পথেৰে সসৈন্যে অগ্ৰসৰ হৈ কিছুদিন পিছত বেগমতী নামে এক বিশাল নদীৰ পাৰৰ বর্ধনকোট নামে ঠাইত উপস্থিত হয়। সম্ভৱতঃ এই বেগমতীয়েই হ’ল তিস্তা নদী। বখতিয়াৰে বেগমতী নদী পাৰ হৈ সোঁপাৰেৰ উত্তৰমুৱাকৈ প্রায় ১০ দিন ধৰি কেঁাচ, মেচ আৰু থাক জনজাতি অধ্যুষিত অঞ্চলৰ মাজেৰে অগ্ৰসৰ হোৱাৰ পিছত এক সৰু নদীৰ ওপৰত থকা এখন শিলৰ দলং পালেগৈ। ২৯ টুকুৰা শিলেৰে গঠিত এই দলংখন সম্ভৱত বৰনদীৰ এক উপনৈ আছিল। বখতিয়াৰে সসৈন্যে এই দলং পাৰ হৈ ১৬ দিনৰ কষ্টকৰ যাত্ৰাৰ অন্ততঃ এক খেতি-বাতি হোৱা জনবসতিপূর্ণ সমতল ভূমিত উপস্থিত হ'ল। সেই ঠাইত এক শক্তিশালী বিশাল দুর্গ আছিল আৰু ইয়াৰ চৌদিশে গাঁও আছিল। বখতিয়াৰৰ সৈন্যই এই গাঁওবাসীৰ ওপৰত অত্যাচাৰ আৰু লুণ্ঠন আৰম্ভ কৰাত, অঞ্চলটোৰ জনগণই দুৰ্গৰক্ষী সৈন্যবাহিনীৰ লগ হৈ বখতিয়াৰ সৈন্যক তীব্ৰ প্ৰতিৰোধ আগবঢ়ালে। ইতিমধ্যে নিজ প্ৰজাৰ ওপৰত তুর্কী সৈন্যৰ উৎপীড়ন আক তেওঁৰ পৰামৰ্শ অৱজ্ঞা কৰা হেতু কামৰূপ ৰাজ পৃথু বখতিয়াৰৰ ওপৰত বিতুষ্ট হৈ পৰিল। সেয়েহে ৰজা পৃথুৱে বখতিয়াৰৰ সৈন্যক শ’লঠেকত পেলাবলৈ শিলৰ দলংখনৰ একাংশ এৰুৱাই শত্রুপক্ষৰ প্ৰত্যাৱৰ্তনৰ পথ ৰুদ্ধ কৰিলে আৰু সিহঁতৰ ওপৰত অতর্কিতে আক্ৰমণ কৰিবলৈ প্ৰস্তুত হ'ল। তেনেতে বখতিয়াৰে খবৰ পালে যে কৰণতন বা কৰ্মপতন (সপ্তৱতঃ কুমাৰীকটা, ভূটান সীমান্তত অৱস্থিত) নামে ঠাইৰপৰা অনেক সৈন্য বখতিয়াৰৰ বিপক্ষে অগ্ৰসৰ হৈছে। লগে লগে বখতিয়াৰে পৰিস্থিতিৰ হেঁচাত প্রত্যাৱৰ্তন কৰিলে যদিও প্রবল বিপত্তিৰ সন্মুখীন হ'ব লগাত পৰিল। ভঙা শিলৰ দলংখনেৰে নদী পাৰ হোৱাত ব্যৰ্থ হৈ দিশহাৰা হৈ পৰা বখতিয়াৰৰ সৈন্যৰ ওপৰত

[10:58 am, 05/08/2021] BM: কামৰূপী সেনাই প্রচণ্ড আক্রমণ চলাই বহু সৈনিকক হত্যা কৰিলে। বাকী থকা সৈনিকসকলক লৈ বখতিয়াৰে সমীপৰ এক শিৱ মন্দিৰত কোনোমতে আশ্ৰয় ল'লে। কিন্তু কামৰূপ ৰাজে মন্দিৰৰ চৌকাষে বাঁহৰ জোঙেৰে বে নি বখতিয়াৰ বাহিনীক অৱৰোধ কৰি পেলালে। অচিৰেই ৰচদ-পাতি সম্পূর্ণ শেষ হৈ পৰাত কিংকর্তব্যবিমূঢ় পৰা বখতিয়াৰে খলজিৰ নেতৃত্বত দ্বিয়াছউদ্দিন আছিল কুতুবুদ্দিনৰ উত্তৰাধিকাৰী চুলতান ইলতুৎমিছ (১২১১) ৩৬)ৰ সাম্ৰাজ্যৰ অন্তৰ্গত বঙ্গৰ গৱৰ্ণৰ। ঘিয়াছউদ্দিনে আক্রমণ চলোৱাৰ সময়তো কামৰূপৰ ৰজা আছিল পুথু। গছতল লিপিৰপৰা জনা যায় যে ঘিয়াছউদ্দিনে নগাঁও পর্যন্ত অগ্ৰসৰ হবলৈ সক্ষম হৈছিল। কিন্তু তেওঁৰ এই সফলতা আছিল ক্ষণস্থায়ী, কাৰণ অচিৰেই তেওঁ ইলতুৎমিছৰ পুত্ৰ নাচিৰউদ্দিনৰ বঙ্গ আক্ৰমণৰ পৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব লগা হৈছিল। সম্ভৱত চুলতানৰ অনুমোদন নোহোৱাকৈ ঘিয়াছউদ্দিনে কামৰূপ অভিযান চলোৱাত বিতৃষ্ট হৈ ইলতুৎমিচে নিজ পুত্ৰক বঙ্গলৈ প্ৰেৰণ কৰি ঘিয়াছউদ্দিনক ক্ষমতাচ্যুত কৰিব বিচাৰিছিল পৰিস্থিতিৰ এই পট পৰিৱৰ্তনত ঘিয়াছউদ্দিনে তৎকালে বঙ্গলৈ প্ৰত্যাৱৰ্তন কৰিলে যদিও বাটত কামৰূপী সেনাৰ প্ৰচণ্ড আক্ৰমণত তেওঁৰ বেছিভাগ সেনাৰে মৃত্যু হ’ল। এনে বিপৰ্যয়ৰ মাজেৰে তেওঁ বঙ্গত উপস্থিত হ’লগৈ যদিঙ নাছিবউদ্দিনক প্রতিহত কৰাত ব্যৰ্থ হ'ল। ঘিয়াছউদ্দিন সম্পূর্ণরূপে পৰাভূত হ’ল আৰু তেওঁক হত্যা কৰা হ'ল৷ গছতল লিপিৰপৰা জনা যায় যে পৃথু ওৰফে বিশ্বসুন্দৰদেৱ ৰজাই ঘিয়াছউদ্দিনৰ মুছলমানে এদিন বাতি বাঁহৰ বে ভাঙি নৈত জাপ দিলে। গভীৰ নদীৰ কোবাল সোঁতত বেছিভাগ সৈন্যই নদীৰ বুকুতে জাহ গ’ল। এমুঠিমদ সৈন্যসহ বখতিয়াৰ কোনোমতে দেৱকোট পালেগৈ যদিও অচিৰেই তেওঁৰ মৃত্যু হ'ল। কামৰূপৰ ওপৰত চলা এই প্ৰথমটো তুর্কী মুছলমান আক্ৰমণৰ বিষয়ে উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা নামৰ ঠাইৰ শিলৰ ফলিখনত সংস্কৃত ভাষা আৰু অসমীয়া আখৰেৰে এনেদৰে দুটা শাৰী লিখা আছে।


শাকে তুগ যুগ্মেশে মধুমাস ত্রয়োদশে।

কামৰূপম সমাগত্য তুবস্কা ক্ষয়মায়যুঃ।


(১১২৭ শকৰ চ'ত মাহৰ ১৩ তাৰিখৰ দিনা তুর্কীসকল কামৰূপলৈ আহি সমূলঞ্চে ধ্বংস হৈছিল)। এনেদৰে দেখা যায় যে ১২০৫-০৬ খ্ৰীঃত কামৰূপ ৰাজ্যৰ ওপৰেৰে তুর্কী মুছলমান আক্রমণৰ এক প্রবল ধুমুহা আহিছিল যদিও ৰজা পৃথু বা বার্তুরে এই প্রত্যাহ্বানক সফলতাৰে প্রতিহত কৰিবলৈ সক্ষম হৈছিল।




Latest Jobs Update 👉 Click here

অসমীয়া আৰু ইংৰাজীত MOCK TEST 👇👇👇
Mock test No 1 👉    Click 
Mock Test No 2         👉   Click Here
Mock Test No 3 👉   Click Here
Mock Test No 4  👉   Click here

                                                   
                                                    👉মুছলমানসকলৰ আক্ৰমণ

Comments

Popular posts from this blog

TARGET APSC MOCK TEST

Assam Government grade iii & iv Model Paper

APRO SI and PLATOON Commander Quuestion paper