মুছলমানসকলৰ আক্ৰমণ ( Attacks by Muslims )
মুছলমানসকলৰ আক্ৰমণ
স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্বকালত সমসাময়িক বঙ্গৰ চুলতান নছবং শাহে (১৫১৯-১৫৩২) অসম আ উদ্দেশ্যেৰে অভিযান প্ৰেৰণ কৰিছিল। ১৫২৭ চনত বৰ উজীৰ উপাধিৰ এজন মুছলমান সেনাপতিয়ে কিছু সৈন্য লৈ আহোম ৰাজ্য আক্রমণ কৰে। তেওঁৰ লগত ভগনীয়া কছাৰী ৰজা খুনখবাও আছিল। ব্রহ্মপুত্র নদীয়েদি উজাই আহি মুছলমান সেনাবোৰে বুৰৈ নদীৰ মুখত আহোম সেনাৰ সন্মুখীন হয়। যুদ্ধত হাবি মুছলমান সেনা পলাই ফাট মাৰে। ইয়াৰ কিছুদিন পিছত বিতমালিক নামৰ এজন সেনাপতিৰ অধীনত পুনৰ মুছলমানসকলে আহোম ৰাজ্য আত্মমণ কৰে। টেমনিত হোৱা প্ৰথমখন যুদ্ধত বিতমালিক হাৰি ঘোঁৰাত উঠি পলাই যায়। কিন্তু কেইদিনমানৰ পিছতে তেওঁ পুনৰ শিঙ্গবিত থকা আহ্লোন কোঠ আক্ৰমণ কৰে। ভৰলী আৰু সলাৰ কোঠত থকা আহোম সৈনাদলে এইবাৰ মিলিত হৈ মুছলমানবোৰৰ লগত যুদ্ধ দি জয়লাভ কৰে। আহোম সেনাপতি কনচেং বৰপাত্ৰগোঁহায়ে বিত মালিকৰ শিৰচ্ছেণ কৰে। এই জয়লাভৰ জৰিয়তে আহোম পক্ষই বহুকেইটা ঘোঁৰা আৰু যুদ্ধৰ আহিলা লাভ কৰিলে।
১৫৩২ খ্ৰীতে তুর্বক খান নামৰ মুছলমান সেনাপতিয়ে ১০০০ ঘোঁৰা, ৩০টা হাতী, বহু সংখ্যক সৈন্যবাহিনী আৰু বন্দুক-বাৰল লৈ আহোম ৰাজ্য আক্রমণর উদ্দেশ্যে আগবাঢ়ি আহি শিঙ্গৰী দুৰ্গৰ বিপৰীতে ছাউনি পাতিলে। এই খবৰ পাই স্বৰ্গদেউ চুমুণ্ডে নিজ ববপুত্ৰ চুক্লেনৰ নেতৃত্বত এক সৈন্যদল তুর্বকৰ বিপক্ষে প্ৰেৰণ কৰিলে। চুক্লেনে দেওয়াই পণ্ডিতসকলৰ ভবিষ্যৎ বাণীক অবজ্ঞা কৰি কণিলীৰ পাৰত মুছলমানসকলৰ লগত যুদ্ধ দি পাভূত আৰু আঘাতপ্রাপ্ত হ’ল। ফ্রাচেংমুং বৰগোঁহাইকে আদি কৰি আঠজন আহোম সেনাপতি ৰণত পৰিল। আহোম সৈন্যবাহিনীৰ মনোবল বহু পৰিমাণে এই পৰাজয়ে কমাই দিলে আৰু তেওঁলোক সলালৈ পিছুৱাই আহিল। অনাহাতে মুছলমান সৈন্যবাহিনীয়ে আগুৱাই আহি কলিয়াবৰত ছাউনি পাতিলেহি।
এনে সংকটপূর্ণ মুহূর্তত আহোম সৈন্যবাহিনীৰ মনোবল ঘূৰাই আনিছিল মূলাগাভক নামৰ এগৰাকী নাৰীয়ে। তেওঁ আছিল ফ্রাচেংমুং বৰগোঁহাইৰ বিধবা পত্নী স্বামী হত্যাকাৰীৰ বিৰুদ্ধে প্রতিশোধ ল'বলৈ এইগৰাকী অসাধাৰণ নাৰীয়ে এক নাৰী বাহিনী সংগঠন কৰি নিজে ঘৌধাৰ উঠি যুদ্ধক্ষেত্ৰলৈ যায়। প্রবল বিক্ৰমেৰে যুদ্ধ কৰি শেষত তেওঁ যুদ্ধক্ষেত্ৰত প্রাণ বিসর্জন দিলে। মূলাগাভব এই মহান দেশপ্রেমে পুনৰ আহোম বাহিনীক উজ্জীৱিত কৰি তুলিবলৈ সক্ষম হয়। আহোম সৈন্যবাহিনীৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখত তিষ্ঠিব নোৱাৰি মুছলমান বাহিনী পিছ হোঁহকিবলৈ বাধ্য হ’ল। ১৫৩৩ খ্ৰীঃৰ মাৰ্চ মাহত হোৱা দুই মুনি শিলাৰ নৌযুদ্ধতো আহোমসকলে জয়লাভ কৰি আত্মবিশ্বাস ঘূৰাই পালে। এনে অস্থাতে হুছেইন খান নামৰ আন এজন সেনাপতি আহি মুছলমানসকলৰ শক্তি বৃদ্ধি কৰা স্বত্ত্বেও ভৰলী পাৰত হোৱা চূড়ান্ত যুদ্ধত আহোমসকলে জয়লাভ কৰে। হুছেইন খান ৰণত পৰে আৰু কনচে কৎপাত্র গোঁহায়ে নিজ হাতে তুৰ্বকৰ মূৰটো কাটি পেলায়। এই জয়লাভৰ জৰিয়তে আহোম সেনাই ২৮ টা হাতী, ৮৫০ ট৷ ঘোঁৰা আৰু ভালেসংখ্যক বন্দুক-বাৰল লাভ কৰিলে। ইয়াৰ পিছত বিজয়ী আহোম সেনাবাহিনীয়ে আক্ৰমণকাৰী মুছলমানসকলক খেদি নি করতোৱা নদীৰ সিপাৰ কৰি থৈ আহিল। কৰতোৱা নদীত নিজ অস্ত্র ধুই
এই আহোম বাহিনীয়ে নিজ বিজয়ৰ স্মৃতি ৰক্ষার্থে এই নদীৰ পাৰত এক পুখুৰী খন্দায় আৰু মন্দির নির্মাণ কৰে। উৰিষ্যা, কোঁচ আৰু মণিপুৰৰ লগত সম্পর্ক স্বৰ্গদেউ চুহুংমুঙে উৰিষ্যাৰ ৰজা প্রতাপৰুদ্ৰৰ ওচৰলৈ কটকী প্ৰেৰণ কৰি তেওঁৰ লগত মিত্রতা স্থাপন কৰিছিল। উৰিধ্যা ৰজাৰ অনুমতি লৈ চুহুংমুঙে পুৰীৰ জগন্নাথ মন্দিৰৰ কাষত এক পুখুৰীও খন্দাইছিল। খুব সম্ভৱ বঙ্গদেশৰ মুছলমান শক্তির বিপক্ষে এক ভাবুকিৰ সৃষ্টি কৰিবৰ বাবেই লংমুঙে এই উৰিষ্যাৰ শক্তিশালী পঞ্জাজনৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰে।
তুৰ্বকৰ বাহিনীক কৰতোৱা নদীৰ সিপাৰ কৰি থৈ অহা আহোম বৰগোঁহাইজনে কোঁচ ৰজা বিশ্বসিংহকো অক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। কিন্তু বিশ্বসিংহই তেওঁৰ নতুনকৈ গঢ় লৈ উঠা ৰাজ্যখনক প্ৰবল আহোম শভিৰপৰা ৰক্ষা কৰাৰ মানসেৰে বৰগোঁহাইক বহু মূল্যৱান বস্তু উপহাৰ দি আহোমৰ বশ্যতা স্বীকাৰ কৰে। অৱশ্যে কেইবছৰমানৰ পাছত ১৫৩৭ খ্ৰীত বিশ্বসিংহই নিজকে আহোম পৰাধিনতাৰ শৃংখলৰপৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে আহোম ৰাজ্য আক্ৰমণৰ বাবে শিঙ্গৰিলৈকে আগবাঢ়ি আহে। কিন্তু তেনেতে কোচসকলৰ বচদ-পাতি শেষ হোৱাত
বিশ্বসিংহই বহু উপহাৰৰ সৈতে এজন কটকী পঠিয়াই আহোম ৰজাৰ সৈতে মিত্ৰতা কৰি নিজ ৰাজ্যলৈ উভতি যায় চুহুংমুং ৰজাই সমসাময়িক মণিপুৰী ৰজালৈ খুকনাং নামৰ আহোম কুঁৱৰী এগৰাকী দি মিত্ৰতা স্থাপন কৰিছিল। মণিপুৰৰ ৰজায়ো নাংক খাম্ নামৰ গাভৰু এগৰাকী আহোম ৰজালৈ প্ৰেৰণ কৰাত দুয়ো ৰজাৰ মাজত বন্ধুত্ব দৃঢ়
Comments
Post a Comment